Shared from Prag News. written by ByPritishri Bharadwaz. Original Assamese article here.

ডিজিটেল ডেস্ক : নিউয়ৰ্কত ভাৰতৰ কনচুল জেনেৰেল ৰণধীৰ জয়ছোৱালে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে বিশ্বব্যাপী সফলতা লাভ কৰিবলৈ সক্ষম হোৱা ভাৰতীয় নাৰীৰ সাফল্য উদযাপনৰ বাবে এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰে। অনুষ্ঠানটোৰ আৰম্ভণিতে বিভিন্ন বঁটা বিজয়ী ৱেষ্টছেলাৰ লেখিকা, তথা লিংগ সমতা তথা কেৰিয়াৰ সম্পৰ্কীয় বিষয়ত কাম কৰি অহা ৰীতা কাকতি শ্বাহৰ ‘The Goddess of Go-Getting’ কিতাপখনিৰ উন্মোচন কৰা হয়৷